09/03/2021 - 18:14
in
মাজুলীঃ ঐতিহাসিক সত্ৰখনিৰ ১৯ সংখ্যক সত্ৰাধিকাৰ (সতৰীয়া) শ্ৰীশ্ৰী কমলাকান্ত দেৱ গোস্বামী প্ৰভুৰ আজি তিৰোভাৱ তিথি। সত্ৰাধিকাৰ গৰাকীৰ ২১ সংখ্যক পবিত্ৰ তিৰোভাৱ তিথি সত্ৰখনে পালন কৰিছে। প্ৰয়াত ১৯ সংখ্যক সত্ৰাধিকাৰ কমলাকান্ত দেৱ গোস্বামীৰ তিৰোভাৱ তিথি উপলক্ষে দিনযোৰা নাম প্ৰসংগ সত্ৰীয়া নৃত্য গীত-বাদ্য পৰিৱেশন কৰিছে।
পুৱা পুৱাগীত নাম প্ৰসংগ, গায়ন-বায়ন, বিহাৰ নৃত্য, কীৰ্তনীয়া, ওজাপালি, চালি নৃত্য, কীৰ্তনীয়া, আদি পৰিৱেশন কৰে। তেখেতৰ শিষ্য-প্ৰশিষ্যসকল আহি সত্ৰৰ নাম প্ৰসংগত শেষত বন্তি দণ্ড খৰছা আগবঢ়াই সেৱা গ্ৰহণ কৰে।
আধ্যাত্মিক, পৰমাৰ্থিক, আৰু ধৰ্মীয় দৰ্শন সকলো দিশতে নৱপ্ৰজন্ম সৎ মানুহৰ দিক-দৰ্শন দেখুৱাই আহিছিল। তেখেতৰ লক্ষ্যাধিক শিষ্য-প্ৰশিষ্য আছে অসমত। সকলোৱে তেখেতৰ পবিত্ৰ তিথিত শ্ৰদ্ধাৰে সোৱৰে। সত্ৰীয়া সংস্কৃতিক অধিক গতিশীল কৰি নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিছিল।