অসম ভৱনত মন্ত্রী ৰামেশ্বৰ তেলীৰ সংবাদমেল

 05/31/2019 - 18:10

ডিজিটেল ডেস্ক: আজি তিনি বজাত অনুষ্ঠিত কৰা হয় মন্ত্রী হিচাপে শপতগ্ৰহণৰ পিচত ৰামেশ্বৰ তেলীৰ প্ৰথমখন সংবাদমেল। নতুন দিল্লীৰ অসম ভৱনত অনুষ্ঠিত কৰা হয় এই সংবাদমেলখন। ৰাজ্যৰ খাদ্য সংশাধন বিভাগৰ মন্ত্রীত্ব প্ৰদান কৰা হয় তেলীক। আজি বিয়লি ৫.৩০ বজাত দায়িত্বভাৰ গ্ৰহণ কৰিব নৱনিযুক্ত মন্ত্রীগৰাকীয়ে। বিজেপিৰ জ্যেষ্ঠ নেতাসকলক ধন্যবাদ জনাই তেওঁ কয় যে তেওঁক এই দায়িত্ব প্ৰদান কৰাত অত্যন্ত সুখী। অসমৰ খাদ্য সম্ভাৰক বাহিৰত পৰিচয় কৰাৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে।

বিভাগৰ কোনো সৰু বৰ নাই বুলি উল্লেখ কৰি তেওঁ তেওঁৰ দায়িত্বভাৰ সূচাৰুৰূপে পালন কৰিব বুলি জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।