09/04/2021 - 13:02
in
শালবাৰীঃ বৰপেটাৰোডত নিশা ব্যতিক্ৰমী ৰূপত দেখা গ'ল কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক। জেচিবিৰ চালকৰ আসনত বহি পথ নিৰ্মাণৰ তদাৰক মন্ত্ৰীগৰাকীৰ। সৰভোগ সমষ্টিৰ অন্তৰ্গত শিমলাগুৰিৰ পৰা বৰপেটাৰোডলৈ যোৱা পথটোৰ আন্তঃগাঁথনিৰ কাম এনেদৰে নিৰীক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে।
উক্ত পথটো যথেষ্ট ব্যস্ততাপূৰ্ণ হেতুকে পথটো নিৰ্মাণৰ কাম ৰাতিৰ ভাগত কৰা হৈছে। উল্লেখ্য পথছোৱা ৰঞ্জিক কুমাৰ দাস সৰভোগ সমষ্টিৰ বিধায়ক হৈ থাকোঁতে তেতিয়াৰ গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুমোদন জনাইছিল।
যোৱানিশা হৎঠাতে মন্ত্ৰীগৰাকীয়ে নিজ গৃহচহৰ বৰপেটাৰোডত উপস্থিত হৈ পথটো নিৰ্মাণকাৰ্যৰ পৰ্যবেক্ষণ কৰে। উক্ত পথচোৱা ২৮ মিটাৰ বহল আৰু ১ মিটাৰ ডিভাইডাৰযুক্ত হোৱাৰ উপৰিও দুয়োকাষে ফুটপাথ থাকিব বুলি সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।