09/04/2021 - 17:45
in
পূৱ বৰপেটাঃ ৰাজ্যত চলি থকা চোৰাং কাঠ আৰু অবৈধ কাঠৰ দোকান বন্ধৰ অভিযান বন বিভাগৰ৷ বৰপেটাৰোড বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নিৰ্দেশক্ৰমে আজি বৰপেটা আৰু বজালীত বন বিভাগে অভিযান চলাই ছীল কৰিলে অবৈধভাৱে চলাই থকা ৫৫ খনকৈ কাঠৰ দোকান৷
বনপালক মুনীন্দ্ৰ তালুকদাৰৰ নেতৃত্বত আৰু বহৰি, সৰভোগ আৰু পাঠশালাৰ খণ্ড বন বিষয়াৰ সহযোগত বন বিভাগৰ দলে পাঠশালা, বৰপেটা, কয়াকুছি, নেউলাৰভিঠা, পালহাজী, জনীয়া, মন্দিয়া, গৰেমাৰী, ছালটা, কলগাছিয়া, খৰিশালা, বহৰি, মাদ্ৰাছা, শিলা, কাকধোৱা আদিত অভিযান চলাই অবৈধ কাঠৰ দোকানসমূহ ছীল কৰে৷ অবৈধ কাঠৰ ব্যৱসায় ৰোধৰ বাবে বন বিভাগে চলোৱা অভিযানক ৰাইজে আদৰণি জনাইছে৷