09/06/2021 - 14:29
in
বোকাজানঃ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামবৰ নদী চাহ-বাগিছাৰ এটা চেকচনত দুটাকৈ মৃতদেহ উদ্ধাৰ। বাগিছাখনত কাম কৰিবলৈ অহা শ্ৰমিকে প্ৰত্যক্ষ কৰে পৰি থকা মৃতদেহ দুটা৷ স্থানীয়লোকে আৰক্ষীক খৱৰ দিয়াত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰে৷
পুৰুষ আৰু মহিলাৰ মৃতদেহ দুটাৰ কাষত কীটনাশকৰ এটা বটল উদ্ধাৰ হৈছে৷ পুৰুষ আৰু মহিলা গৰাকীয়ে আত্মহত্যা কৰা বুলি অনুমান কৰা হৈছে৷ মহিলা গৰাকীৰ মৃতদেহ চিনাক্ত হৈছে যদিও পুৰুষজনৰ মৃতদেহ এতিয়া চিনাক্ত কৰিব পৰা হোৱা নাই৷