শিক্ষাবিদ ৰণজিত ডেকাৰ ঘৰত পেট্ৰলজাতীয় বটল বোমা নিক্ষেপ কৰা যুৱকক আটক বজালী আৰক্ষীৰ

 09/06/2021 - 17:03
 
 
বজালীঃ শিক্ষাবিদ ৰণজিত ডেকাৰ ঘৰত পেট্ৰলজাতীয় বটল বোমা নিক্ষেপ কৰা যুৱকক আটক বজালী আৰক্ষীৰ। আটকাধীন যুৱকজনৰ নাম মিন্টু আলী(২৪)। ঘটনা সংঘটিত কৰাৰ পিছত মিন্টু আলীয়ে ৰণজিত ডেকাৰ পত্নীৰ মোবাইলত ফোন কৰি দিছিল ভাবুকি। বজালী আৰক্ষীৰ তদন্তত ধৰা পৰা মিন্টু আলীৰ পৰা জব্দ লেপটপ, ১৩টা মোবাইল হেণ্ডছেট, একাধিক চিম কাৰ্ডৰ লগতে কেতবোৰ বৈদ্যুতিক ডিভাইচ।
 
বজালী আৰক্ষীয়ে ছয়দিনৰ জিম্মাত লৈছে মিন্টু আলীক। বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে সোমবাৰে সাংবাদিকক ব্যক্ত কৰে ৬ আগষ্টৰ নিশা পাঠশালাৰ মাজমজিয়াত সংঘটিত পেট্ৰলজাতীয় বোমা নিক্ষেপ কৰা ঘটনাত জড়িত মিন্টু আলী নামৰ আটকাধীন যুৱকজনৰ বিষয়ে। আৰু অধিক তদন্তৰ বাবে মিন্টু আলীক জেৰা অব্যাহত বজালী আৰক্ষীৰ। উল্লেখ্য যে ৬ আগষ্টৰ নিশা শিক্ষাবিদ তথা ভৱানীপুৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত অংশ লোৱা ৰণজিত ডেকাই নিজৰ বাসগৃহত সংঘটিত ঘটনাৰ বিৰুদ্ধে বজালী আৰক্ষীক দিছিল গোচৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।