মাৰ যোৱা নাই চুলাই মদৰ সন্ত্ৰাস

 03/12/2019 - 13:08

গোলাঘাটঃ ৰাজ্যত শাম কটা নাই চুলাই মদৰ সন্ত্ৰাস। চুলাই মদ খাই শতাধিক মানুহৰ মৃত্যু হোৱাৰ পাছতো কিছুমান লোকে এই কথাত কোনা গুৰুত্ব নিদি এতিয়াও চুলাই মদ বিক্ৰী কৰি আছে আৰু সেয়া খাই কিছু লোক পৰিছে মৃত্যুমুখত। 

এইবাৰো তেনে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া থুৰামুখৰ চৰিয়াঘাটত। বিষাক্ত চুলাই খাই মৃত্যুক আঁকোৱালি ল'লে এজন যুৱকে।

মৃত যুৱকজনৰ নাম পাপু ভূমিজ। যোৱা দুদিনত গোলাঘাটত চাৰিজন লোকৰ মৃত্যু হৈছে বিষাক্ত চুলাই মদ পান কৰাৰ ফলত। এতিয়াও এনে ভয়াৱহ কাণ্ড বন্ধ নোহোৱাত জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ বিৰাজ কৰিছে চেপা উত্তেজনাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।