কিমান আৰু অন্ধবিশ্বাস, অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা কেতিয়া ওলাব এইসকল, ঈশ্বৰ পূজাৰ নামত কিশোৰীক কৰিলে উলংগ

 09/07/2021 - 21:13
 
 
 
 
 
নিউজ ডেস্কঃ মধ্য প্ৰদেশৰ দামো জিলাৰ বানিয়া গাঁৱত জঘন্য ঘটনা৷ গাঁওখনত খৰাং সদৃশ পৰিস্থিতি হোৱা বাবেই গাঁওখনৰ ছয়গৰাকী কিশোৰীক গাঁওখনৰ চাৰিওফালে উলংগ কৰি লৈ যোৱা হয়। গাঁওবাসীৰ বিশ্বাস যে ইয়াৰ ফলত বৰুণ দেৱতা সন্তুষ্ট হব আৰু বৰষুণ দিব। “আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
 
যদি কিশোৰীকেইগৰাকীক বলপূৰ্বক বিবস্ত্ৰ কৰা হৈছে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব,” লগতে অধীক্ষক গৰাকীয়ে কয় যে বৰষুণৰ বিষয়ে স্থানীয় লোকসকলৰ মাজত কিছু ধৰ্মীয় বিশ্বাস আছে। সামাজিক মাধ্যমত এগৰাকী নাবালিকে উলংগ হৈ খোজ কাঢ়ি থকাৰ ভিডিঅ’ বিয়পি পৰাৰ পাছতেই ডামোৰ জিলাৰ দণ্ডাধীশ এছ কৃষ্ণ চৈতন্যইও শিশু আয়োগৰ ওচৰত এই সন্দৰ্ভে এক প্ৰতিবেদন দাখিল কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।