কাৰ্বি আংলঙত দুই কিশোৰীৰ হত্যাকাণ্ডৰ ১২ দিনৰ পিছতো অপৰাধীক চিনাক্ত কৰিব নোৱাৰাৰ বাবে বোকাজানত ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ

 09/08/2021 - 12:24
 
 
 
 
বোকাজানঃ বোকাজান মহকুমাৰ অতি ভিতৰুৱা অঞ্চলৰ দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃশংসতাৰে হত্যা কৰাৰ ১২ দিনৰ পাছতো হত্যাকাৰী চিনাক্ত কৰিব নোৱাৰাৰ বাবে বোকাজানত তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদ সাব্যস্ত কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতি আৰু বৰনেউৰীয়াৰ স্থানীয় মহিলাসকলে।
 
 
দুইগৰাকী কিশোৰীৰ আত্মাৰ সদগতিৰ কাৰণে মম জ্বলাই ও মৌন প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক চৰনচিং টিচুৱে জনাই যে অতিশীঘ্ৰে দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কাৰ্বি আংলংত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।