09/08/2021 - 12:49
in
বটদ্ৰৱাঃ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। শংকৰদেৱ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত গুৰু কীৰ্তন হিচাপে পালন কৰা হয়।
বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে। ধৰ্মীয় পৰম্পৰাৰে কালিৰে পৰা আৰম্ভ হোৱা গুৰু কীৰ্তনৰ আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসঙ্গৰে এক আধ্যাত্মিক পপৰিবেশ বিৰাজমান কৰিছে বটদ্ৰৱা থানত।