লখিমপুৰ: লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ২নং লালপানী মিচিং গাঁৱৰ নিবাসী তিলেশ্বৰ টাইডৰ একমাত্ৰ পুত্ৰ হৰকান্ত টাইড (১৪) যোৱা ২৬ ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। হৰকান্ত টাইড লালপানী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল। বিয়লি প্ৰায় ৫ মান বজাত টিউচনৰ পৰা ঘৰলৈ আহি পুনৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰজন।
দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালৰ হৰকান্তৰ পিতৃ তিলেশ্বৰ টাইডে স্থানীয় বগীনদী আৰক্ষী থানাত নিৰুৰদ্দেশৰ এজাহাৰ দিয়ে যদিও আজি পৰ্যন্ত আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ সহাঁৰি নাপালে। পিতৃয়ে বহু বিচাৰ-খোচাৰ কৰাত অৰুণাচলৰ জিৰৌ-হাফলিত পুত্ৰ (হৰকান্ত)ৰ সন্ধান পায় যদিও অৰুণাচলীৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰাত বগীনদী আৰক্ষীক অৱগত কৰে যদিও আজি তিনি মাহে বগীনদী আৰক্ষীয়ে ছাত্ৰজনক উদ্ধাৰ কৰি অনাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
ছাত্ৰজনক অৰুণাচলৰ জিৰৌ-হাফলিৰ পৰা উদ্ধাৰ কৰি আনি দিবলৈ শেষত সংবাদ মাধ্যমৰ জৰিয়তে লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক পৰিয়ালে অনুৰোধ জনাইছে।