তিনিবছৰে নিৰুদ্দিষ্ট বাক্সাৰ মায়ংপাৰাৰ কান্তেশ্বৰ বসুমতাৰীঃ তিনি সন্তানৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা, চৰকাৰলৈ সহায় বিচাৰি কাতৰ আহ্বান

 09/08/2021 - 14:54
 
 
 
শালবাৰীঃ তিনিবছৰ পূৰ্বে গাঁৱৰ কেইবাজনো লোকৰ সৈতে কৰ্মসংস্থাপন বিচাৰি কেৰেলালৈ গৈছিল বাক্সাৰ জিলাৰ শালবাৰী মহকুমা তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰৰ মায়ংপাৰাৰ কান্তেশ্বৰ বসুমতাৰী নামৰ লোকজন। পিছত কেৰেলা নাপাওঁতেই বিজয়পাৰা নামৰ এটা ষ্টেচনত সন্ধানহীন হৈ পৰিছিল কান্তেশ্বৰ।
 
ছয় বছৰ পূৰ্বে পত্নীক হেৰুৱাই এজন পুত্ৰ সন্তান আৰু দুগৰাকী কন্যা সন্তানক নিজ গৃহত এৰি থৈ যোৱা কান্তেশ্বৰৰ আজি তিনিবছৰ অতিক্ৰম হোৱাৰ পিছতো কোনো সন্ধান লাভ নকৰাত তিনি সন্তানলৈ নামি আহিছে ঘোৰ অমানিশা।
 
২০ বছৰীয়া একমাত্ৰ পুত্ৰই আধাতে পঢ়া সামৰি দিন হাজিৰা কৰি যথেষ্ট অসুবিধাৰ মাজেৰে পৰিয়ালটো চলাই গৈছে একমাত্ৰ ককায়েকে। যাৰ বাবে চৰকাৰলৈ সহায় বিচাৰি কাতৰ আহ্বান জনাইছে। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।