09/08/2021 - 15:55
in
নিউজ ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয় স্থানান্তৰ কৰা হ’ব। কাছাৰীত থকা বৰ্তমানৰ উপায়ুক্তৰ কাৰ্য্যালয় ৰূপনগৰলৈ স্থানান্তৰ কৰা হ’ব।ৰূপনগৰত নতুনকৈ নিৰ্মাণ কৰিব ৫ মহলীয়া মহলীয়া নতুন উপায়ুক্ত কাৰ্য্যালয়।
অসমত মুঠ ১০ টা নতুন উপায়ুক্তৰ কাৰ্য্যালয় নিৰ্মাণ কৰা হ’ব।১০ বিঘা মাটিত নিৰ্মাণ হ’ব নতুন কাৰ্য্যালয়। ৫০ৰ পৰা ৬০ কোটি ব্যয় কৰি অতি জাক জমকীয়া কৈ নিৰ্মাণ কৰা হ’ব কামৰুপ মহানগৰৰ উপায়ুক্ত কাৰ্য্যালয়।
পুৰণি উপায়ুক্ত কাৰ্য্যালয় চৌপাশ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য বৰ্ধন কৰা হ’ব। এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে।