09/08/2021 - 17:08
in
বিহালীঃ তীজ গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলৰ এক পবিত্ৰ উৎসৱ৷ ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে বিশ্বনাথৰ গলিয়াৰ মহিলাসকলে এইবাৰ ক’ভিড প্ৰটকল উলংঘা নকৰাকৈয়ে উলহ-মালহেৰে নিশা তীজ পালন কৰে৷ ভাদ মাহৰ দ্বিতীয়া তিথিৰ দিনা উৎসৱ আৰম্ভ হৈ চতুৰ্থীৰ দিনা শেষ হয় এই তীজ উৎসৱ৷ এই তীজ উৎসৱত হৰিতালিকা আৰু নিৰজলা এই দুই ধৰণৰ ব্ৰতৰ মাধ্যমেৰে পালন কৰা হয়৷ এই উৎসৱৰ বাবে বিয়া দিয়া মহিলাসকলে নিজ মাকৰ ঘৰলৈ যায় আৰু তীজৰ প্ৰতিটো নিয়ম পালন কৰে৷
সকলো বোৱাৰী ছোৱালী মিলি আনন্দ কৰি সু-স্বাদু খাদ্য খাই আনন্দ কৰে ইয়াক দৰখানে বুলি কোৱা হয়৷ পিছদিনা মহিলা সকলে নিৰম্বু উপবাস ৰাখি আৰাধ্য দেৱতা মহাদেৱক পূজা অৰ্চনা কৰি এই তীজৰ ব্ৰত পালন কৰে ৷ মহিলাসকলে এই ব্ৰত তেওঁলোকৰ স্বামীৰ বাবে ৰাখি শিৱক উপাসনা কৰে আৰু তেওঁলোকে ৰখা ব্ৰতক হৰিতালিকা ব্ৰত বুলি কোৱা হয়৷
বিয়া হোৱা নোহোৱা জীয়ৰীসকলে নিৰজলা ব্ৰত পালন কৰি উপবাসে থাকে৷ বিয়া নোহোৱা ছোৱালীয়ে শিৱক আৰাধনা কৰি ব্ৰত ভংগ কৰে৷ প্ৰবাদ আছে যে পাৰ্বতীয়ে শিৱক পাবৰ বাবে এই ব্ৰত ৰাখিছিল৷ সেই প্ৰবাদ অনুসৰি গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে নিজৰ মনে বিচৰা পতিক পুনৰ পাবৰ বাবে এই তীজৰ ব্ৰত ৰাখে৷ এই উৎসৱৰ কঠোৰ ব্ৰতৰ মাজতো গোৰ্খা সম্প্ৰদায়ৰ জীয়ৰী বোৱাৰীসকলে অতি আনন্দৰে নাচ গান কৰি পালন কৰে তেওঁলোকৰ মৰমৰ তীজ উৎসৱ৷