09/08/2021 - 18:04
in
ডুমডুমাঃ ১৯২৬ চনৰ আজিৰ দিনটোতেই তিনিচুকীয়া জিলাৰ শদিয়াত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম হৈছিল৷ এইজন মহান শিল্পীৰ স্মৃতিতেই ধলা-শদিয়া সংযোগী দলঙৰ নাম ড০ ভূপেন হাজৰিকা সেতু ৰাখে। কিন্তু দুৰ্ভাগ্যবশতঃ আজিৰ দিনটোৰলৈকে দলঙৰ ওপৰত কোনো ষ্ট্ৰীট লাইট লগোৱাৰ ব্যৱস্থা কৰা নহ’ল৷ ফলত ৰাতি হ’লেই বহু দুৰ্ঘটনাৰ সংঘটিত হয়৷
আনহাতে ২০১৭ চনৰ ২৮ মে’ তাৰিখে গুৱাহাটীৰ এক সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায় ১০০ বিঘা মাটিত ভূপেন হাজৰিকাৰ স্মৃতিত শদিয়াত উত্তৰ-পূব সাংস্কৃতিক সমন্বয় ক্ষেত্ৰৰ নিৰ্মাণৰ কথা ঘোষণা কৰে৷ যি ঘোষণাই শদিয়াবাসীলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছিল৷ কিন্তু এই ঘোঘণাৰ ৪ বছৰৰ পাছতো প্ৰকল্পটোৰ বাবে মাটিয়েই আৱণ্টন নহ’ল৷ গতিকে আজি তেওঁৰ জন্মদিনটোতেই প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ ছৈখোৱা আঞ্চলিক ছাত্ৰ-সন্থাই আহ্বান জনায়৷ লগতে দলঙৰ ওপৰত ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত ষ্ট্ৰীট লাইট লগাবলৈ আহ্বান জনায়৷