আফ্ৰিকাৰ সুউচ্চ শৃংগত দুই অসম সন্তানে উৰুৱালে অসমৰ ফুলাম গামোচা

 06/01/2019 - 12:24

গুৱাহাটীবিশ্বৰ চতুৰ্থতম ওখ শৃংগ আফ্ৰিকাৰ মাউণ্ট কিলিমানজাৰোত অসমৰ পৰ্বত আৰোহীৰ দলে উৰুৱালে অসমীয়া গামোচা। কঠোৰ প্ৰত্যাহ্বানৰ মাজেৰে গৈ জালুকবাৰী সমষ্টিৰ দুই পৰ্বত আৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে বিশ্বৰ চতুৰ্থ ওখ শৃংগ মাউণ্ট কিলিমানজাৰোত আৰোহণ কৰি অসমীয়াৰ ধ্বজা অসমীয়া গামোচা উৰুৱালে দুই অসম সন্তানে। প্ৰায় ৬ হাজাৰ মিটাৰ উচ্চতা আৰু 20 হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াইছে এই দুই যুৱকে।

যথেষ্ট ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান নেওচি শৃংগৰ শিখৰত আৰোহণ কৰি দুই অসম সন্তান চন্দন দাস আৰু শশী প্ৰকাশ ৰায় উৎফুল্লিত আৰু আনন্দিত হৈ পৰিছে। মাইনাচ 20 ডিগ্ৰী চেলচিয়াছ প্ৰতিকূল বতৰ তুষাৰ পাত বাধা নেওচি দুই অসম সন্তান উপস্থিত হল কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত।

দুই অসম সন্তানৰ এনে সফল্যত উৎফুল্লিত জালুকবাৰীবাসী। বিশ্বৰ চতুৰ্থ ওখ শৃংগ মাউণ্ট কিলিমানজাৰোত আৰোহণ কৰা এইটো প্ৰথম অসমীয়া পৰ্বত আৰোহণকাৰী দল ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।