আজি জীয়াভৰলী নদীৰ গৰাখহনীয়া আৰু প্ৰতিৰোধৰ বাবে লোৱা কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী পিয়ুষ হাজৰিকাই

 09/08/2021 - 19:16
 
 
জামুগুৰিহাটঃ আজি মন্ত্ৰী পিয়ুষ হাজৰিকাই জামুগুৰিহাটত জীয়াভৰলী নদীৰ গৰাখহনীয়া আৰু খহনীয়া প্ৰতিৰোধৰ বাবে লোৱা কামৰ অগ্ৰগতিৰ বুজ লয়৷ জামুগুৰিহাটৰ বহুমুখী কন্যকা বহুমুখী কৃষি পামৰ নিচেই কাষতে জীয়াভৰলী নদীয়ে ব্যাপক খহনীয়া সৃষ্টি কৰাৰ লগতে নদীখনে কন্যকা কৃষি পামখনলৈ বিপদ কঢ়িয়াই আনিছিল৷
 
চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ অনুৰোধ মৰ্মে মন্ত্ৰী গৰাকীয়ে উক্ত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আজি উক্ত কামৰ অগ্ৰগতি বুজ লয়৷ লগতে কন্যকা বহুমুখী পামখনৰ বৃৃহৎ পুখৰীত থকা মাছসমুহক খাদ্য খুৱালে মন্ত্ৰীগৰাকীয়ে। অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগতে উক্ত গৰাখহনীয়া স্থানত সাংসদ পল্লৱলোচন দাসো উপস্থিত থাকে। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।