09/09/2021 - 11:15
in
গৌৰীপুৰঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে পৰ্বতঝোৰা মহকুমাৰ মহামায়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া অনিতা বিশ্বাসৰ উদ্যোগত কাৰ্য্যালয় প্ৰাংগণত অনুষ্ঠিত হয় পোষন মাহৰ শুভ উদ্বোধন অনুষ্ঠান।
উক্ত অনুষ্ঠানত মহামায়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া শ্ৰীমতী অনিতা বিশ্বাসে আঁতধৰি সমাজ কল্যাণ বিভাগে পোষণ মাহৰ বাবে ৰূপায়ন কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।
বিশেষকৈ প্ৰসূতি মাতৃ, পোষণ বাগিছা নিৰ্মাণ, পুষ্টিকৰ টোপোলা, পুষ্টিহীনতাত ভোগা শিশুৰ স্বাস্থ্য যত্নৰ ক্ষেত্ৰত সমাজ কল্যাণ বিভাগে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে বিতংভাৱে বুজাই দিয়ে।
এই কাৰ্য্যসূচীত সকলোৱে সহায়-সহযোগিতাত পুষ্টিহীনতা দূৰ কৰিবলৈ জিলাখনৰ লগতে সকলো অংগণবাডী কৰ্মী সহায়িকা মুখ্য সেৱিকা গাঁৱে-গাঁৱে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।
ইফালে পোষণ মাহৰ আৰম্ভণি দিনটোত এখন ভ্ৰাম্যমান বাছৰ জৰিয়তে বিভিন্ন ঠাইত ঘূৰি-ঘূৰি কাৰ্যালয়ৰ সন্মুখত অংগনবাডী কৰ্মীসকলে প্ৰদৰ্শন কৰে পোষণ শীৰ্ষক বাটৰ নাট, নাচ গান।