09/09/2021 - 11:26
in
বদৰপুৰঃ এটাৰ পিছত এটাকৈ সংঘটিত চুৰিৰ ঘটনা লৈ তীব্ৰ চাঞ্চল্য দেখা দিছে কৰিমগঞ্জত জিলাত। অতিৰিক্ত চুৰি, ডকাইতি, ও অসামাজিক কাৰ্য্য বৃদ্ধি হৈ থাকিলেও বিফল হৈছে কৰিমগঞ্জ আৰক্ষী। কেইদিনমানৰ পৰা চহৰৰ বিভিন্ন ঠাইত চুৰি ঘটনা সংঘটিত হৈ থাকিলেও এয়া প্ৰতিৰোধ কৰিবলৈ ব্যৰ্থ আৰক্ষী। যোৱা নিশা আকৌ চহৰৰ সুভাষনগৰত চুৰিকাণ্ড সংঘটিত হয়।
ৰাজেচ দেবৰ ঘৰৰ পৰা কেইবা লক্ষ্য টকাৰ সোণ আৰু নগদ ৫০ হাজাৰ টকা। অসম আৰক্ষীয়ে চুৰি ছিনতাই ৰোধ কৰিবলৈ বনাই দিয়া হৈছে ৰাইডিং স্কোয়াৰ্ড টি । এইখন টিমৰ কাম হৈছে চহৰত কোনো ঠাইত কোনো ধৰণৰ চুৰি আৰু ছিনতাই সংঘটিত হ'লে এয়া প্ৰতিৰোধ কৰা। কিন্তু কৰিমগঞ্জ চহৰত প্ৰায় এনে ঘটনা সংঘটিত হৈ থাকিলেও ব্যৰ্থ ৰাইডিং স্কোয়াৰ্ড টিম।