'মুৱেই থাই ৱৰ্ল্ড চেম্পিয়নশ্বিপ'লৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ ৰীতা লামা

 06/01/2019 - 12:32

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুনৰ এক ভিতৰুৱা হাৱাই পথাৰ গাঁৱৰ প্ৰতিভাৱান ''মুৱেই থাই'' (সমৰ কলা) খেলুৱৈ ৰীতা লামা। ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ''মুৱেই থাই'' (সমৰ কলা) খেলত অংশগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাৱান খেলুৱৈ ৰীতা লামা নিৰ্বাচিত হৈছে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া Muay Thai World Championships লৈ।

বহুকেইটা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ''মুৱেই থাই'' (সমৰ কলা) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক লাভ কৰিবলৈ সক্ষম হৈছে ৰীতাই। এই বৰ্ষৰ জুলাই মাহৰ ২০ তাৰিখে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া Muay Thai World Championships ৰ বাবে ৰীতা লামা নিৰ্বাচিত হৈছে যদিও ৰীতাৰ আগত হেঙাৰ হৈ থিয় দিছে আৰ্থিক দৈন্যতাই। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ অসমৰ্থ ৰীতাক থাইলেণ্ডলৈ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঠিয়াবলৈ।

যাৰবাবে এই প্ৰতিভাৱান খেলুৱৈগৰাকী এতিয়া থমকি ৰ'বলগীয়া হৈছে। স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ সহায়ৰ আশা কৰিছে পৰিয়ালে। ৰাজ্যৰ ক্ৰিয়া বিভাগৰ সহায় পালে এইগৰাকী প্ৰতিভাৱান ''মুৱেই থাই'' (সমৰ কলা) খেলুৱৈ ৰীতাই নিশ্চয়কৈ আগবাঢ়ি গৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।