09/09/2021 - 13:50
in
নিউজ ডেস্কঃ ফেৰী দুৰ্ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাৰ শিহৰণকাৰী ঘটনাৰ বিষয়ে বৰ্ণনা।নাৱৰ পৰা জঁপিয়াই নিজৰ জীৱনৰক্ষা কৰিছিল মাজুলীৰ ৰাখী বৰা হাজৰিকা নামৰ মহিলাগৰাকীয়ে৷ মাজুলীৰ বনগাঁৱৰ বাসিন্দা ৰাখী বৰা হাজৰিকা৷ তেওঁ কৰা বৰ্ণনা অনুসৰি, বৰলুইতৰ বুকুত জাহাজৰে সংঘৰ্ষ হোৱাৰ পাছত নাওখনত লাহে লাহে পানী সোমাব ধৰিছিল৷
আৰু লগে লগে সকলোৱে নিজৰ প্ৰাণ বচাবলৈ নাওখনৰ বাহন ৰখা ওপৰৰ অংশলৈ আগবাঢ়িছিল৷ আৰু এনেতে গোটেই নাওখন ডুবি যায়৷ ৰাখী বৰাই ওপঙি থকা ট্ৰ’লী বেগত ধৰি জীৱনৰক্ষা কৰিছিল৷ ৰাখী বৰাৰ এই বৰ্ণনাই ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোপোলাস্বৰূপটোকে উদঙাইছে।