বিশ্বনাথ মহকুমা বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্য্যালয়ত চুৰিকাণ্ড, আধাৰ কাৰ্ড বনোৱা মেচিনসহ প্ৰায় দহ লাখ টকাৰ সামগ্ৰী চুৰি

 09/09/2021 - 15:45
 
 
 
বিশ্বনাথঃ বিশ্বনাথ মহকুমা বিদ্যালয় উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত হল চুৰি কাণ্ড। আজি পুৱা দহ বজাত কাৰ্যালয়খনত কৰ্মচাৰী উপস্থিত হোৱাত পোহৰলৈ আহে এই চুৰি কাৰ্য্য। মহকুমা উপ-পৰিদৰ্শক কৰুণা কান্ত ভট্টই জনোৱা মতে চোৰে কাৰ্য্যালয়খনৰ খিৰিকীৰ ৰড কাটি সংঘটিত কৰে এই চুৰি কাণ্ড। কাৰ্যালয়খনত মজুত আছিল নতুনকৈ অনা আধাৰ কাৰ্ড বনোৱা মেচিন, কম্পিউটাৰ, ফেন আৰু বহু মূল্যবান সামগ্ৰী। কাৰ্যালয়খনৰ পৰা প্ৰায় দহ লক্ষ্য টকাৰ সামগ্ৰী চোৰে চুৰ কৰি নিয়া বুলি জানিব দিছে উপ-পৰিদৰ্শক গৰাকীয়ে।
 
আনহাতে উপ পৰিদৰ্শক গৰাকী নিশ্চিত নহয় যে এই চুৰি কাৰ্য যোৱা নিশা সংঘটিত হৈছিল নে মঙলবাৰে নিশা সংঘটিত হৈছিল এই চুৰি কাৰ্য। কাৰণ বুধবাৰে গুৰুজনাৰ তিৰোভাৱ তিথি থকাৰ বাবে কাৰ্যালয় বন্ধ আছিল আৰু উপ পৰিদৰ্শক গৰাকী যোৱা কালি কাৰ্যালয়ত উপস্থিত হৈছেল যদিও সামগ্ৰী থকা কোঠাত প্ৰবেশ কৰা নাছিল উপ পৰিদৰ্শক গৰাকী।ইতিমধ্যে এই চুৰি কাৰ্যৰ বিষয়ে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীৰ দল উক্ত স্থানত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।