কালভাৰ্ট স্থাপনৰ দাবীত ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ

 09/09/2021 - 16:46
 
 
 
বাহাৰঘাটঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই আকনা-বৰাজোল অঞ্চলৰ কেইবাটাও কালভাৰ্ট পুনৰ স্থাপনৰ দাবীত আজি ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।
 
বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ নং পূব বনভাগ গাঁও পঞ্চায়তৰ এলেকাধীন আকনা গাঁৱৰ কেইবাটাও কালভাৰ্ট ভগ্ন অৱস্থাত থকাৰ ফলত জনসাধাৰণে চূড়ান্ত সমস্যাৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে বৰাজোল বজাৰ-আকনা সংযোগী পথত এটা, ৰামপুৰ-আকনা সংযোগী পথত দুটা আৰু আকনা-পোনৰ কাউনীয়া পথত এটা কালভাৰ্ট সম্পূৰ্ণ ভগ্ন অৱস্থাত আছে।
 
এই কালভাৰ্ট কেইটাৰে চাৰিচকীয়া যান-বাহন চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাৰ বিপৰীতে চাইকেল, বা মটৰ চাইকেলেৰ অতি বিপদ সংকুলভাৱে জনসাধাৰণ চলাচল কৰিব লগা হৈছে। তদুপৰি যিকোনো মুহূৰ্ততে দুৰ্ঘটনাৰ আশংকা কৰা হৈছে। সেয়েহে বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জীৱনজ্যোতি ডেকা আৰু সাধাৰণ সম্পাদক আতিকুৰ ৰহমান স্বাক্ষৰিত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকণ কলিতা, জিলা কাৰ্যনিৰ্বাহক সদস্য আজিজুল ইছলাম, আঞ্চলিক ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক ৰমজান আলী প্ৰমুখ্যে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
 
ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মণিষা কলিতাৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰি জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আজিজুল ইছলামে অতিশীঘ্ৰে সমস্যা সমাধান কৰিবলৈ দাবী জনায় অন্যথা জনসাধাৰণৰ সহযোগত কঠোৰ গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ দিয়ে। উল্লেখ‍্য যে সংশ্লিষ্ট উন্নয়ন খণ্ড আৰু গাঁও পঞ্চায়তখনে এইসমুহ অতিপ্ৰয়োজনীয় পথৰ কালভাৰ্টসমুহৰ সমস্যা দুৰ কৰা বিপৰীতে একাংশ অপ্ৰয়োজনীয় পথত চৰকাৰী আ‍ঁচনি আৱন্টিন দি নিম্বমানৰ কাম কৰি নিজৰ জেপ গধুৰ কৰি আহিছে বুলি চৰ্চিত হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।