লাহৰীঘাটত নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত স্থানীয় ৰাইজৰ

 06/01/2019 - 12:42

লাহৰীঘাট: লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়াত স্থানীয় ৰাইজে শুকুৰবাৰে সন্ধিয়া নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হাচিনা বেগম নামৰ অসৎ মহিলা গৰাকীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন ঠাইৰ পৰা মহিলাসকলক আনি নিজ গৃহত চলাই আহিছিল এই অসামাজিক কাৰ্য। স্থানীয় ৰাইজে বহুবাৰ আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

অৱশেষত শুকুৰবাৰে সন্ধিয়া স্হানীয় ৰাইজে খাপ পিতি থাকি হাতে লুটে ধৰা পেলাই অসৎ কাৰ্মৰ লগত জড়িত তিনি অভিযুক্তক। ধৃত অভিযুক্তকেইটা ক্ৰমে ইনামূল হক, মাজাহাৰুল ইছলাম আৰু বেগম উপাধিধাৰী ডিব্ৰুগড়ৰ এগৰাকী মহিলা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে হাতে লুটে ধৰি তিনি অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে যদিও মুল অভিযুক্ত হাচিনা বেগম পলাই সাৰে।

উত্তেজিত ৰাইজে মুল অভিযুক্ত হাচিনা বেগমৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে। অভিযুক্তৰ ঘৰৰ পৰা বহু আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰি লাহৰীঘাট আৰক্ষীয়ে থানালৈ লৈ আনে। লাহৰীঘাট আৰক্ষীয়ে অসামাজিক কাৰ্য কলাপ চলাই অহা সমাজ ধ্বংসকাৰী হাচিনা বেগমৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।