09/09/2021 - 17:29
in
হোজাইঃ হোজাই জিলা পৰিবহন বিষয়াই আজি জিলাখনৰ সদৰ শংকৰদেৱ নগৰস্থিত পৰিবহন কাৰ্যালয়ত এক সংবাদ মেল আয়োজন কৰি জিলাখনৰ বাণিজ্যিক বাহনৰ লগতে ব্যক্তিগত বাহন সমূহৰ অনাদায় হৈ থকা কৰসমূহ আদায় দিবলৈ আহ্বান জনায়।
অনাগত ১০দিনৰ ভিতৰত কৰসমূহ দিবলৈ আহ্বান জনাই জিলাখনৰ পৰিবহণ বিষয়া তামচিন আফটাবে জিলাখনত প্ৰযোজ্য কৰা "স্পীড লিমিট" মানি চলিবলৈ অনুৰোধ কৰে। ইতিমধ্যে ইয়াৰ বাবে জিলাখনত পৰিবহণ বিভাগ আৰু গড়কাপ্তানী বিভাগে সজাগতা সৃষ্টিৰ লক্ষ্যৰে পথ সমূহত সৰ্তকতা ৰক্ষাৰ্থে চাইন বৰ্ডৰ ব্যৱস্থা কৰিছে।
ইপিনে, জিলাখনত অতিৰিক্ত বোজাই কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান চলি আছে আৰু অব্যাহত থাকিব বুলি মন্তব্য কৰি বিষয়াগৰাকীয়ে কাষৰীয়া নগাঁও-কাৰ্বি আংলং জিলাত পঞ্জীকৃত বাহনসমূহক সংশ্লিষ্ট জিলাৰ পৰিবহণ কাৰ্যালয়ত কৰসমূহ আদায় দিয়াৰ আহ্বান জনায়। অন্যথা জিলাখনত থকা এনে বাহনসমূহৰ ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হব বুলি মন্তব্য কৰে পৰিবহণ বিষয়াগৰাকীয়ে।