09/10/2021 - 12:43
in
নগৰবেৰাঃ নগৰবেৰাৰ প্ৰতিবেশী বাঘবৰৰ আলোপতিত হাতে-হাতে চাকি-জোঁৰ লৈ উত্তাল প্ৰতিবাদ। একাংশ গাঁৱত বিদ্যুত সংযোগ আজিকোপতি বিজুলী যোগান উপলব্ধ নোহোৱাত বঞ্চিত গয়াই শীঘ্ৰে বিদ্যুত যোগান ধৰাৰ দাবীত হাতত ল’লে প্ৰতিবাদী কাৰ্যসূচী। বৃহস্পতিবাৰ সন্ধিয়া অঞ্চলটোৰ ফকিৰপাৰা গাঁৱত ৰাইজৰ জোঁৰ লৈ প্ৰতিবাদ।
অঞ্চলটোৰ কেইবাখনকৈ গাঁৱৰ কেইবাশতাধিক পৰিয়ালত আজিও নাই বিদ্যুতৰ পোহৰ ফলত কেৰাচিনৰ চাকি, হাতলেম্পেই একমাত্ৰ ভৰষা। বিদ্যুত বিভাগ তথা ঠিকাদাৰক বাৰাম্বৰ কোৱা স্বত্বেও ফল নধৰিল, বিদ্যুৎ সংযোগ দূৰৰে কথা বিদ্যুতৰ খুটা পৰ্যন্ত পোতা নহ’ল কেতবোৰ গাঁৱত। আনহাতে ঠায়ে-ঠায়ে একাংশ গাঁৱত খুটা পুতি তাঁৰ পৰ্যন্ত টানি দিয়া হৈছে যদিও ভালুকৰ সাঙী হৈ পৰি ৰ’ল দিন-মাহ-বছৰ ধৰি দিয়া নহ’ল সংযোগ।
আজিও চাকিৰ পোহৰৰে ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰিবলগীয়া হয়, সাধাৰণ মোবাইল চাৰ্জ কৰিবলৈও যাব লাগে অইন গাঁৱলৈ।উপায়ন্তৰ হৈ ৰাইজে শীঘ্ৰে বিদ্যুত যোগানৰ দাবীত হাতে-হাতে চাকি, জোৰ লৈ বিদ্যুত বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে এই অভিনৱ প্ৰতিবাদ। পিছে ৰাইজৰ হাতৰ চাকি-জোঁৰৰ পোহৰে বিষয়টোত দৃষ্টি আকৰ্ষণ কৰিবনে সংশ্লিষ্ট বিভাগৰ, পোহৰ বঞ্চিত গাঁওসমূহত দিয়া হ’বনে বিজুলী যোগান?