09/10/2021 - 13:17
in
নিউজ ডেস্কঃ আজি পবিত্ৰ গণেশ চতুৰ্থী। গণেশ হৰ-পাৰ্বতীৰ পুত্ৰ। তেখেতৰ ৰূপ বিভিন্ন শাস্ত্ৰসমূহত বিভিন্ন প্ৰকাৰৰ; তথাপিও সকলোতে তেওঁ গজমুণ্ড মনুষ্যাকাৰ দেৱতা। তেখেতৰ বাহন মূষিক বা এন্দুৰ; অথবা কোনো কোনো ঠাইত সিংহ। গণেশক সৰ্ববিঘ্নহন্তা বুলি বিশ্বাস কৰা হয়। তেওঁ সাধাৰণভাবে প্ৰাৰম্ভৰ দেৱতা, বিঘ্নৰ দেৱতা (বিঘ্নেশ বা বিঘ্নেশ্বৰ), গণেশ মূলত: শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল, মেধা আৰু বুদ্ধিৰ দেৱতা।
পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা কৰ্তব্য বুলি বিবেচিত হয়। লিখাৰ সময়তো তেওঁক আখৰৰ পৃষ্ঠপোষকৰূপে আৱাহন কৰাৰ ৰীতি আছে। একাধিক পৌৰাণিক সূত্ৰৰ পৰা তেখেতৰ জন্ম, কীৰ্তিকলাপ আৰু মূৰ্তিতত্ত্বৰ ব্যাখ্যা পোৱা যায়। গণেশৰ অন্যান্য নামসমূহ হ’ল গণপতি, বিনায়ক, মহাগণপতি, বিৰিগণপতি, শক্তিগণপতি, বিদ্যাগণপতি, হৰিদ্ৰাগণপতি, উচ্ছিষ্টগণপতি, লক্ষ্মীবিনায়ক, হেৰম্ব, বক্ৰতুণ্ড, একদন্ত, মহোদৰ, গজানন, লম্বোদৰ, বিকট আৰু বিঘ্নৰাজ। দুৰ্গা (অম্বিকা) আৰু চামুণ্ডা, এই দুজনাই গণেশক পালন কৰিছিল বাবে তেওঁ দ্বৈমাতুৰ নামেও অভিহিত।