গোৰেশ্বৰ: চৰকাৰৰ বিৰুদ্ধে নহয় এইবাৰ শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ। শিক্ষক সমাজক কলংকিত কৰা এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে গোৰেশ্বৰৰ ৰামপুৰত ৰাইজে কৰিছে প্ৰতিবাদ৷ বিদ্যালয়ৰ ধন আত্মসাতৰ অভিযোগ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে৷ গোৰেশ্বৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্বত আছিল ডিম্বেশ্বৰ দাস৷ বিদ্যালয়ৰ নামত অহা চৰকাৰী আৱাস গৃহ নিৰ্মাণৰ ধনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ৷
চলিত বৰ্ষত ইউনিফৰ্ম বিতৰণ কৰা নাছিল প্ৰধান শিক্ষকগৰাকীয়ে৷ দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষকজনে বিদ্যালয়খনত চলাই অহা দুৰ্নীতিত অতিষ্ঠ হৈ শুকুৰবাৰে বিদ্যালয়খনৰ সন্মুখতে প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৰাইজে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ। ইফালে ঘটনা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত শিক্ষকজনে সম্পূৰ্ণভাৱে স্বীকাৰ কৰি কয় যে তেওঁৰ ওচৰত চৰকাৰী ধন জমা আছে।
লগতে তেওঁ গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ পেদত লিখিতভাৱে জনায় যে আজি ১২ বজাত সকলো ধন ঘূৰাই দিব অন্যথা ৰাইজে যি ব্যৱস্থা লয় সকলো ব্যৱস্থা লব পাৰিব বুলি শিক্ষকজনে জানিবলৈ দিয়ে। তেওঁ এই প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি শান্ত হয়।