09/10/2021 - 14:09
in
বিহালীঃ অসমৰ শোষিত, নিষ্পেষিত, ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হোৱা চাহ শ্ৰমিকসকলৰ অধিকাৰৰ হকে সংগ্ৰাম কৰা একমাত্ৰ ট্ৰেড ইউনিয়ন অসম চাহ মজদুৰ সংঘৰ বিশ্বনাথ চাৰ্কোলৰ বিশ্বনাথ চাৰিআলি কাৰ্যালয়ত আজি ত্ৰি-বাৰ্ষিক অধিৱেশন সু-কলমে অনুষ্ঠিত হয়। অসম চাহ মজদুৰ সংঘৰ নেতা কৃষ্ণ দণ্ডাসীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশ্বনাথ চাৰ্কোলৰ সম্পাদক নগেন গোৱালাই।
কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ চাৰ্কোলৰ সাধাৰণ পৰিষদৰ সভাত সংঘৰ কেন্দ্ৰীয় উপদেষ্টা তথা বৰচলা চাৰ্কোলৰ সম্পাদক ভীমানন্দ তাঁতীয়ে উপস্থিত থাকি বিশ্বনাথ চাৰ্কোলৰ পূৰ্বৰ কাম-কাজৰ হিচাপ নিকাচ লোৱাৰ লগতে চাহ শ্ৰমিকৰ বনাচ সম্পৰ্কে বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰি এই ক্ষেত্ৰত বিশ্বনাথ চাৰ্কোলৰ সম্পাদক নগেন গোৱালাক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহবান জনাইছে।
ইফালে আজিৰ এই ত্ৰি-বাৰ্ষিক অধিবেশনত নগেন গোৱালা নেতৃত্বাধীন পূৰ্বৰ সমিতিক পুনৰ তিনি বছৰৰ বাবে দায়িত্ব অৰ্পণ কৰে। সভাত তেজপুৰ চাৰ্কোলৰ সম্পাদক সুনীল টুটীৰ লগতে সাধাৰণ পৰিষদৰ বিষয়-ববীয়া, বাগিছা ইউনিটসমূহৰ বিষয়-ববীয়া, মহিলা কমিটিৰ বিষয়-ববীয়াসকলৰ লগতে প্ৰায় দুই শতাধিক চাহ শ্ৰমিক উপস্থিত থাকি সংঘৰ নেতৃত্বক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।