09/10/2021 - 16:12
in
টীয়কঃ যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত সংঘটিত ভয়াবহ নাও দুৰ্ঘটনাত নিজৰ লগতে আন আৰু ছয়জন যাত্ৰীৰ প্ৰাণ বচাবলৈ সক্ষম হৈছিল জয়ন্ত মাধৱ শইকীয়া নামৰ এজন ভকত বৈষ্ণৱে। জয়ন্ত মাধৱ শইকীয়াই মুখেৰে সেই ভয়াবহ মুহুূত্বৰ শিহৰণকাৰী অভিজ্ঞতা প্ৰতিবিম্ব লাইভৰ আগত বৰ্ণনা কৰে।
জয়ন্ত মাধৱ শইকীয়া হ’ল মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ এজন বৈষ্ণৱ আৰু উক্ত ভয়াবহ ঘটনাত প্ৰাণ বচাবলৈ সক্ষম হোৱা আন ছয়জন যাত্ৰী হ’ল তিনিগৰাকী মাজুলীৰ দুগৰাকী শিৱসাগৰ গেলেকীৰ আৰু এগৰাকী সত্ৰৰে বৈষ্ণৱ।
জয়ন্ত মাধৱ শইকীয়া আৰু প্ৰিতীশ বেজবৰুৱাই গেলেকীৰ ৰুমি বেজবৰুৱা আৰু নিতীশ বেজবৰুৱাক মাজুলীলৈ আগবঢ়াই নিবলৈ আহিছিল। জয়ন্ত মাধৱ শইকীয়াই সতীৰ্থ প্ৰিতীশ বেজবৰুৱাৰ লগতে আন পাঁচগৰাকীক
নিমাতী ঘাটত সংঘটিত হোৱা শোকবহ নাও দুৰ্ঘটনাত জীৱনৰ সৈতে যুঁজি প্ৰাণ বচাবলৈ সক্ষম হৈছিল। আৰু সেই ভয়াবহ দুৰ্ঘটনাত সেই ভয়াবহ অভিজ্ঞতা প্ৰকাশ কৰিছে৷