পূজা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই দুগুণ উৎসাহেৰে দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল

 09/10/2021 - 17:35
 
 
 
 
 
জামুগুৰিহাটঃ পূজা অনুষ্ঠিত হ'ব নে নহয় সেই লৈ চৰম অনিশ্চয়তা বিৰাজ কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড বিধি মানি চলি পূজা অনুষ্ঠিত কৰিব পৰা যাব বুলি ঘোষণা কৰাৰ পাছতেই অসমৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটৰ মৃৎ শিল্পীসকলো উৎফুল্লিত হৈ পৰা দেখা গৈছে।
 
বিগত বৰ্ষত কৰ'ণা মহামাৰীৰ বাবেই পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে কিছু বাধা আৰোপ কৰাত নিৰ্মাণ কৰি ৰখা প্ৰতিমাসমূহ বিক্ৰী কৰিব নোৱাৰি যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা জামুগুৰিহাটৰ মৃৎ শিল্পীসকল এইবাৰো অনিশ্চয়তাৰ লগতে হতাশাত ভুগি আছিল যদিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই পূজা অনুষ্ঠিত কৰিব পৰা যাব বুলি ঘোষণা কৰাৰ পাছত আনন্দিত হৈ পৰিছে। মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতেই দুগুণ উৎসাহৰে এইসকল মৃৎ শিল্পীয়ে তেওঁলোকৰ কৰ্মত মনোনিৱেশ কৰিছে।
 
মুখ্যমন্ত্ৰীৰ এই ঘোষণাক জামুগুৰিহাটৰ মৃৎ শিল্পীসকলে আদৰণি জনোৱাৰ লগতে তেওঁলোকৰ মৰিবলৈ ধৰা গছজোপাক পানী দি জীয়াই ৰখাত সকাহ দিয়া বুলিও মন্তব্য কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।