আজি বিশ্বকাপত অনুষ্ঠিত হ'ব দুখনকৈ মেচ

 06/01/2019 - 13:31

ডিজিটেল ডেস্ক: বৰ্তমান চলি থকা ক্ৰিকেট বিশ্বকাপ ২০১৯ত আজি দুখনকৈ মেচ অনুষ্ঠিত হ'ব ছফীআ গাৰ্ডেনছ আৰু কাউণ্টি গ্ৰাউণ্ডত। প্ৰথম মেচখন শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাজত দিনৰ ৩টাৰ পৰা অনুষ্ঠিত হ'ব আৰু দ্বিতীয় মেচখন আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত আবেলি ৬টাৰ পৰা অনুষ্ঠিত হ'ব। উল্লেখ্য যে কালি অনুষ্ঠিত হৈ যোৱা দ্বিতীয়খন মেচত ৱেষ্ট ইণ্ডিজৰ লগত হোৱা খেলখনত পাকিস্তানৰ শোচনীয় পৰাজয় হয়।

পাকিস্তানে ১০ টা উইকেট হেৰুৱাই ২১.৪ অভাৰত মাত্র ১০৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু ৱেষ্ট ইণ্ডিজে ৩টা উইকেট হেৰুৱাই ১৩.৪ অভাৰত ১০৮ ৰাণ কৰি জয়লাভ কৰিবলৈ সক্ষম হয়।

কালিৰ খেলখনত মেন অব দা মেচ লাভ কৰে ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ অ'ছানী থমাছে। তেওঁ ৫.৪ অভাৰত ২৭ ৰাণ দি ৪টা উইকেট ল'বলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।