পাকিস্তানী সন্ত্রাসবাদীৰ বিৰুদ্ধে কঠোৰ হ'ব পাকিস্তান

 03/12/2019 - 13:33

ডিজিটেল ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা জন বল্টনে সোমবাৰে টুইটাৰযোগে প্ৰকাশ কৰে যে, ভাৰতত আক্ৰমণ চলোৱা সন্ত্রাসবাদীসকলৰ বিৰুদ্ধে পাকিস্তানে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। পাকিস্তানৰ বিদেশ মন্ত্রী শ্বাহ মহমুদ কোৰেছীৰ লগত হোৱা এক বাৰ্তালাপত এই আশ্বাস প্ৰদান কৰে মন্ত্রীজনে।

লগতে ভাৰতৰ লগত থকা অশান্তিকৰ পৰিস্থিতিৰ শাম কটাই বন্ধুসুলভ সম্পৰ্ক গঢ়ি তুলিবলৈও তেওঁ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। পাকিস্তানে কাশ্মীৰত সংঘটিত হোৱা সন্ত্রাসবাদী কাৰ্যকলাপক পূৰ্ণ সমৰ্থন জনায় আহিছে। উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত হোৱা সন্ত্রাসবাদী আক্ৰমণত ভাৰতৰ ৪০ জন আৰপিএফ জোৱান ছহিদ হৈছিল।

তাৰ পিছত এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছিল পাকিস্তানৰ সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদে। ইয়াৰ প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বালাকোটত থকা সন্ত্রাসবাদীৰ ঘাটি উচ্ছেদ কৰিছিল। এই ঘটনাৰ পিছৰ পৰাই ভাৰত পাকিস্তানৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.