লখিমপুৰ আৰক্ষীৰ সফলতা: চাৰিটাকৈ বাইক চোৰ আটক

 06/01/2019 - 14:16

লখিমপুৰ: দিনে দিনে লখিমপুৰখন পৰিণত হৈছে অপৰাধীৰ ৰম্যভূমিলৈ৷ ড্ৰাগচ, ভাং, টীৰ খেল আদি বিভিন্ন অপৰাধজনিত কাৰ্যই ঠন ধৰি উঠিছে লখিমপুৰত৷ সমানে লক্ষীমপুৰত অব্যাহত আছে বাইক চোৰৰ দপদপনি৷ নিতৌ বিভিন্ন স্থানত সংঘটিত হৈ আছে বাইক চুৰিৰ ঘটনা। লখিমপুৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই বিভিন্ন স্থানৰ পৰা আটক কৰিছে চাৰিটাকৈ বাইক চোৰক।

উদ্ধাৰ হৈছে তিনিখনকৈ বাইক, বহুকেইটা ম'বাইল ফোন আৰু বাইক চুৰিত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী। বাইক চোৰকেইটা হ'ল ক্ৰমে চীমেন চাপৰিৰ মানস বৰা (২৬), পানীগাঁও আমতলাৰ ৰাকেশ পেগু (৩২), পহু মৰাৰ জিতেন পেগু (২৭) আৰু হাৰমতিৰ নয়ন বড়ি (২৯)৷

ইতিমধ্যে ধৃত চোৰ কেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰু বহুকেইটা চোৰৰ সন্ধান অব্যাহত ৰাখিছে লক্ষীমপুৰ আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।