মাজুলী জিলা ছাত্ৰ সন্থাৰ সংবাদ মেল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী

 09/11/2021 - 18:30
 
 
মাজুলীঃ মাজুলী আৰু যোৰহাট সংযোগী ফেৰী দুৰ্ঘটনাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ মাজুলী৷ মাজুলীৰ সৰ্বস্তৰত তীব্ৰ প্ৰতিবাদ গঢ়ি উঠিছে৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাইও যোৱা ৯ ছেপ্তেম্বৰত সমগ্ৰ মাজুলীত ক’লা দিৱস ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
 
আজি সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই সমগ্ৰ ঘটনা সন্দৰ্ভত গড়মুৰ সদৰত এক সংবাদ মেল সম্বোধন কৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই শোকাবহ ঘটনাটোত নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে আৰু সন্ধানহীন ব্যক্তি কেইজনৰ যাতে তাৎক্ষণিক সম্ভেদ পায় তাৰ বাবে উদ্ধাৰ অভিযান ক্ষীপ্ৰ গতিত অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে আৰু ন্যায়িক তদন্তৰ যোগেদি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে৷
 
অন্যহাতে সংবাদ মেলত মাজুলী জিলা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মা য়ে কয় যে উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ পৰা শিক্ষা নল’লে পাটোৱাৰীয়ে৷ নিমাতী-মাজুলী ফেৰী দুৰ্ঘটনাৰ বাবে দায়ী চন্দ্ৰমোহন পাটোৱাৰীক অতিশীঘ্ৰে এটেমটো মাৰ্দাৰ গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে৷ মাজুলীবাসী জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তাৰ স্বাৰ্থত হেতালি খেলিলে এই গৰাকী অকৰ্মণ্য, অপদাৰ্থ মন্ত্ৰীয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।