বকোৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মাঁ পাৰ্ব্বতী মন্দিৰত অৱস্থিত পাৰ্ব্বতী পাহাৰত বৃক্ষৰোপণ কাৰ্য্যসূচী

 09/13/2021 - 13:07
 
 
 
 
 
 
 
 
 
 
 
 
 
 
বকোঃ কামৰূপ জিলাৰ বকোৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা পাৰ্ব্বতী মন্দিৰ অৱস্থিত পাৰ্ব্বতী পাহাৰত আজি বৃক্ষৰোপণ কৰা হয়। যি সময়ত এচাম অসাধু ব্যৱসায়ীয়ে বন ধ্বংস কৰি পৰিৱেশৰ প্ৰতি এক বৃহৎ প্ৰত্যাহবানৰ সৃষ্টি কৰিছে ঠিক তেনে সময়তে ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী কাতিৰাম ৰাভাৰ ব্যক্তিগত প্ৰচেষ্টাত আজি বৃক্ষৰোপণ কৰা হয়।
 
আজিৰ বৃক্ষৰোপণ কাৰ্য্যসূচী শুভাৰম্ভ কৰে প্ৰকৃতি সংৰক্ষণ সংস্থাৰ পৰা বন আৰু বন্যপ্ৰাণী সংৰক্ষণ বাবে আন্ত:ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত, চি এন এন আৰু আইবিএনৰ ৰিয়েল হিৰ', বনবিভাগৰ  প্ৰাক্তন উপ-বনসংৰক্ষক আৰু বৰ্তমানে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্মৰত বিষয়া ধৰণীধৰ বড়োই। আজিৰ বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে ৰে’লৱে বিভাগৰ কৰ্মচাৰী বীনাপানী বড়ো, খাৰিজা ৰাইজৰ সভাপতি হৰেশ্বৰ ৰাভা, বালাপাৰা গঞা ৰাইজৰ সভাপতি সঞ্জীৱ বড়ো, যৌথ বন সংৰক্ষণ সমিতিৰ সভাপতি নৰপতি বড়ো, বকো আঞ্চলিক সুঁৱৰী উৎসৱ সমিতিৰ উপদেষ্টা নৰেন চন্দ্ৰ বড়ো, শিক্ষক স্বাধীন বড়ো, বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীকে ধৰি ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।
 

 

 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।