চাঞ্চল্যঃ লক্ষীপুৰত পুনৰ বন্যহস্তীৰ গচকত এজন যুৱকৰ মৃত্যু

 09/13/2021 - 13:21
 
 
 
 
 
লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত থৰ্কত যোৱাৰাতি বন্যহস্তীৰ জাঁক এটাই এগৰাকী যুৱকক গচকি মাৰি পেলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র লক্ষীপুৰ অঞ্চলত। জানিব পৰা মতে আজি ৰাতিপুৱা মৃতদেহটো পথৰ দাঁতিত পৰি থকা অৱস্থাত থৰ্ক বনবিভাগৰ লোকে প্ৰত্যক্ষ কৰি লক্ষীপুৰ আৰক্ষীক খবৰ দিয়ে।
 
পিছত লক্ষীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অচিনাকি যুৱকজনৰ পেন্টৰ পকেটৰ পৰা পৰিচয় পত্ৰ উদ্ধাৰ কৰে যদিও, উক্ত পৰিচয় পত্ৰখিনি মৃত যুৱকজনৰ নহয় বুলি ইতিমধ্যেই জানিব পৰা গৈছে। আমাৰ সাংবাদিকে বাতৰি যুগুতোৱালৈকে মৃত যুৱকজনৰ কোনো অভিভাৱকৰ সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে প্ৰায় দুবছৰ ধৰি মেঘালয়ৰ পৰা নামি অহা ১৭ জনীয়া বন্যহস্তীৰ জাঁক এটাই লক্ষীপুৰ বিভিন্ন অঞ্চলত তাণ্ডৱ চলাই আহিছে।
 
বন্যহস্তীৰ জাকটোৱে ইতিমধ্যে দহজনকৈ ব্যাক্তিক গচকি মাৰি পেলাইছে। এই হাতীৰ জাকটোক পুনৰ মেঘালয়লৈ খেদি পঠিওৱাৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে কিন্তু নিৰ্লুপ্ত ভূমিকা পালন কৰিছে লক্ষীপুৰ বন বিভাগে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।