09/13/2021 - 14:01
in
ডুমডুমাঃ ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব নোৱাৰো কিন্তু আৰক্ষী বা সেনা জোৱান হব পাৰিম| এই ভাষ্য এগৰাকী চাহ জনগোষ্ঠীয় যুৱকৰ|
অসম আৰক্ষীত যোগদানৰ প্ৰবল হেপাহ মনত পুহি পুৱা ৫ বজাৰ পৰা ৭ বজালৈকে খেলপথাৰত কঠুৰ শাৰীৰিক অনুশীলনত অংশগ্ৰহণ কৰিছে তিনিচুকীয়া জিলাৰ খোবাং চাহ-বাগিচাৰ প্ৰায় ৫০০ যুৱক-যুৱতীয়ে|
তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সহযোগত খোবাং চাহ বাগিচাত আয়োজন কৰা হৈছে ৩ মহীয়া শাৰীৰিক প্ৰশিক্ষণ শিবিৰ|
এই শিবিৰত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলে সেনা বাহিনী আৰু আৰক্ষী বিভাগত যোগদান কৰি ভৱিষ্যত গঢ়াৰ প্ৰবল হেপাহ থকাৰ কথা প্ৰকাশ কৰি অন্যান্য চৰকাৰী চাকৰিত ফেৰ মাৰিব নোৱাৰিলেও শাৰীৰিক সক্ষমতাৰ জৰিয়তে আৰক্ষী বিভাগ বা সেনা বাহিনীত যাতে ভৰ্তি হব পাৰে তাৰ বাবে কঠুৰ অনুশীলনত অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে|
আনহাতে নিচা জাতীয় পদাৰ্থ সেৱন কৰি ধংসৰ গৰাহত যোৱা একাংশ যুৱকে এই এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি নিচা সেৱন বাদ দিয়া বুলি উদ্যোগতাসকলে জানিবলৈ দিয়ে|