09/13/2021 - 14:27
in
বিহালীঃ বিশ্বনাথ জিলাৰ বিহালীৰ ৰাংচালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ পৰিচয়-পত্ৰ। এটা বেগত উদ্ধাৰ এই নথি-পত্ৰ।বেগটোৰ ভিতৰত আছে লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ AS:07R8009 নম্বৰৰ মাৰুতি গাড়ীৰ ৰেজিষ্টেচন কাৰ্ড, মদন পেগুৰ নামৰ, মদন পেগুৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড, বিভিন্ন বেংকৰ এটিএম কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু কেইখন মান নথি পত্ৰ।
অনহাতে এই বেগটোতে আছে ছামেদ আলি নামত থকা AS06V2198 নম্বৰৰ এনফিল্ড বাইকৰ ৰেজিষ্টেচন কাৰ্ড এখনো উদ্ধাৰ হয় বেগটোৰ পৰা। উল্লেখ যে কালি আবেলি বিহালীৰ ৰাংছালী অঞ্চলৰ কেইজন মান মাছমৰীয়াই বেগটো প্ৰত্যক্ষ কৰি বেগটোৰ ভিতৰৰ পৰা এই সামগ্ৰীখিনি উদ্ধাৰ কৰে আৰু মাছমৰীয়া কেইজনে এই গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ নিজৰ জিম্মাতে ৰাখি আজি পুৱাহে তেওঁলোকে এই গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ বিহালী আৰক্ষী থানাত চমজাই দিব বুলি জানিব দিছে গাঁওখনৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক উদয় দাসে।
এইফালে এই সামগ্ৰীসমূহ মাজুলীৰ নিমাতী ঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ যাত্ৰীৰে সামগ্ৰী হ’ব বুলি সন্দেহ কৰা হৈছে।পৰবৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানতহে ওলাব প্ৰকৃততে এই সামগ্ৰীসমূহ দুৰ্ঘটনা সংঘটিত হোৱা ফেৰী যাত্ৰীৰ নে আন কাৰোবাৰ।