কাকপথাৰত অসম উড়িয়া মহাসভা কাকপথাৰ শাখা সমিতিৰ উদ্যোগত উড়িয়া জনগোষ্ঠীৰ "নুৱাখাই" উৎসৱ পালন

 09/13/2021 - 14:57
 
 
 
ডুমডুমাঃ চাহ জনজাতীয় উড়িয়া জনগোষ্ঠীয় সম্প্ৰদায়ৰ লোক সকলৰ এক প্ৰধান কৃষি উৎসৱ "নুৱাখাই"৷ আঘোন মাহত অসমীয়া সমাজৰ ন’ খোৱাৰ দৰেই উড়িয়া সম্প্ৰদায়ৰ লোকসকলে গণেশ চতুৰ্থীৰ পিছতেই পালন কৰে সমজোৱাকৈ "নুৱাখাই" উৎসৱ৷ এই উৎসৱ প্ৰধানকৈ উড়িষ্যাত উলহ-মালহেৰে পালন কৰে৷ সমান্তৰালকৈ অসমৰ উড়িয়া লোকসকলেও খেতি পথাৰত আহুধান কাটি আজৰি হৈ এই আহুধানৰ বিভিন্ন পিঠা-পনা আৰু প্ৰকৰণ প্ৰস্তুত কৰি পালন কৰে এই উৎসৱ৷
 
উড়িয়া গীত, নৃত্যৰে ডেকা, জীয়ৰী সকলোৱে উদযাপন কৰে এই উৎসৱ৷ ইয়াৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলাৰ কাকপথাৰ কুমচাং কাকলাইনত অসম উড়িয়া মহাসভা কাকপথাৰ শাখা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে দ্বিতীয় বাৰ্ষিক "নুৱাখাই" উৎসৱ৷ পুৱাই স্মৃতি তৰ্পন, বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে এই অনুষ্ঠানৰ৷
 
ইয়াৰ পিছতেই প্ৰায় দুই শতাধিক ৰাইজে কাকপথাৰ চহৰত এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে৷ শোভাযাত্ৰাৰ সামৰণিৰ পিছতেই এক বেষ্টনীৰ মাজত পৰম্পৰাগতভাৱে উড়িয়া জীয়ৰীসকলে গীত-নৃত্য প্ৰদৰ্শন কৰে৷ আধুনিকতা, যান্ত্ৰিকতাৰ মাজতো কাকপথাৰবাসী উড়িয়া লোকসকলে অব্যাহত ৰাখিছে তেওঁলোকৰ এই পৰম্পৰা জীয়াই ৰখাৰ প্ৰয়াস৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।