09/13/2021 - 17:10
in
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত কাঠনি গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ। মৰিগাঁও জিলা উপায়ুক্ত ওচৰত আজি পঞ্চায়তটোৰ সাতজন সদস্যই অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে পঞ্চায়ত সভানেত্ৰী ৰৌজলিন ফাৰুকিৰ বিৰুদ্ধে। পঞ্চায়ত সভানেত্ৰী ৰৌজলিন ফাৰুকিয়ে নিজৰ ময়-মতালিৰে পঞ্চায়তৰ সমগ্ৰ কাম-কাজ দুৰ্নীতি কৰাও অভিযোগ তুলিছে পঞ্চায়তৰ এইসকল সদস্যই।
উল্লেখযোগ্য যে বিগত সময়চোৱাত সভানেত্ৰী গৰাকীয়ে পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় বৰ্ষৰ আঁচনিত সংঘটিত কৰিছিল ভয়াবহ দুৰ্নীতি। যাৰ বাবে সভানেত্ৰী গৰাকীৰ ওপৰত অতিষ্ঠ হৈ অৱশেষত আজি মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়া ওচৰত এই অনাস্থা প্ৰস্তাৱ দাখিল কৰিলে কাঠনি গাঁও পঞ্চায়তৰ মুঠ দহ জন সদস্যৰ ভিতৰত সাতজন সদস্যই।