বঙালী ভাইসকলক আমি গালি-গালাজ কৰোঁ অথচ বিহুত শকত চান্দা পালে বিশিষ্ট অসমীয়া বুলি গামোচা পিন্ধাও- মমিনুল আৱাল

 09/13/2021 - 19:00
 
 
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ সৰ্থেবাৰীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে বিজেপি নেতা মমিনুল আৱালে। খিলঞ্জীয়া মুছলমান অধ্যুষিত সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মাজদিয়া গো ৰিজাৰ্ভ বেদখল সম্পৰ্কে বিজেপি নেতা মমিনুল আৱালে মন্তব্য কৰি কয় যে- বেদখল য'তেই  হৈছে সেই বেদখল উচ্ছেদ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
 
সংবাদ মাধ্যমৰ যোগেদি কিছুমান বিষয় সন্মুখত আহিছে আৰু এইক্ষেত্ৰত চৰকাৰে  তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যদি মাজদিয়া গো-ৰিজাৰ্ভ বেদখল হৈছে তেতিয়াহ'লে চৰকাৰে বেদখল উচ্ছেদ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী। ইয়াৰ উপৰিও খিলঞ্জীয়াৰ সংজ্ঞা সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে বিজেপি নেতা মমিনুল আৱালে।
 
খিলঞ্জীয়া আৰু অসমীয়া শব্দ দুটাই আজিৰ দিনত আমাক বিপদত পেলাইছে নে সম্পদ হিচাপে থিয় দিছে সেইটোত এটা প্ৰশ্নবোধক আহিছে। অসম চুক্তিৰ ৬ নং দফা আজিলৈ কাৰ্যকৰীকৰণ নহ'ল বুলি মন্তব্য কৰাৰ লগতে খিলঞ্জীয়াৰ সূত্ৰ আজিলৈকে আমাৰ হাতত নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। নাম নোলোৱাকৈ একাংশ দল-সংগঠনক উদ্দেশ্য কৰি মমিনুল আৱালে তীৰ্যক মন্তব্য কৰি কয় যে- বঙালী ভাইসকলক আমি গালি-গালাজ কৰোঁ অথচ বিহুত শকত চান্দা পালে বিশিষ্ট অসমীয়া বুলি গামোচা পিন্ধাও।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।