দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত মানকাচৰ

 09/14/2021 - 13:17
 
 
মানকাচৰঃ দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত হৈছে দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত মানকাচৰ। প্ৰতিটো বিভাগত এতিয়া চলিছে কেৱল দুৰ্নীতি আৰু দুৰ্নীতি। এইবাৰ বৃহৎ দুৰ্নীতি সংঘটিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লোক নিৰ্মাণ বিভাগত। তিনি বছৰেও নিৰ্মাণ কৰিব নোৱাৰিলে এখন পকী দলং। ঠিকাদাৰে লেহেমীয়া গতিত কাম চলাই থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।
 
পকী দলং নিৰ্মাণৰ নামত কি চলিছে মানকাচৰত। দুৰ্নীতি মুক্ত শ্ল’গানেৰে দিছপুৰত চৰকাৰ গঠন কৰি এতিয়া পাহৰি গ’ল কেনেকৈ দুৰ্নীতি মুক্ত কৰিব অসমক। মাকাচৰৰ বাৰেতুল্লাত এক পকী দলং নিৰ্মাণ হৈ আছে যদিও ঠিকাদাৰে কেৱল দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
 
 মানকাচৰৰ পূৰ্বাঞ্চলৰ এইখন দলঙৰ ওপৰত নিৰ্ভৰ কৰি চলাচল কৰিব লাগে যদিও ঠিকাদাৰৰ চৰম হেমাহিৰভাৱে জীয়াতু ভুগি আছে ৰাইজে। প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত এনেকৈ দুৰ্নীতি সংঘটিত হৈ আছে। অভিযন্তাই কামৰ ভাল দৰে চোৱাচিতা নকৰাৰ অভিযোগ ৰাইজৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়ে হ’ব লক্ষ্যণীয়?
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।