09/14/2021 - 13:30
in
যোৰহাটঃ যোৰহাটৰ হৰিজন ক'লনীত প্ৰচণ্ড মাৰপিটৰ ঘটনা। পঁচা নামৰ এটা গুণ্ডাৰ বাহিনীৰ আক্ৰমণত আহত ১০ জনতকৈও অধিক লোক। এই লৈ উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিৱেশ। গনেশ পূজাৰ বিসৰ্জনক কেন্দ্ৰ কৰি সূত্ৰপাত ঘটে কাজিয়াৰ। আৰু এই কাজিয়াই পিচত ৰূপ লয় প্ৰচণ্ড মাৰপিটৰ।
পিচত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিৱেশ। এসময়ত পঁচা আছিল যোৰহাট আৰক্ষীৰ ম'ষ্ট ৱন্টেডৰ লিষ্টত। পঁচাৰ বিৰুদ্ধে আছে বহু গোচৰ। জুৱাৰ আড্ডা, ড্ৰাগছ আদিৰ লগত পচা জড়িত হৈ থকাৰ বহুদিনৰে পৰা অভিযোগ উত্থাপন হৈ আহিছিল। বিগত কেইবছৰ মান আগতে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল পচাক।
তাৰ পিছতো কিন্তু পচাই জুৱাৰ আড্ডা, ড্ৰাগছৰ ব্যৱসায় চলায় অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। আজি হৰিজন ক'লনীৰ লোকৰ ওপৰত পঁচা বাহিনীয়ে কৰা এই আক্ৰমণৰ ফলত প্ৰায় ১০ জন লোক আহত হয়।
ইতিমধ্যে অঞ্চলবাসীয়ে যোৰহাট আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। পৰিস্থিতি অধিক যাতে অৱনতি নহয়, তাৰ বাবে অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে অঞ্চলটোত।