সম্পূৰ্ণ হোৱা তিনি বছৰ অতিক্ৰমৰ পিচতো উদ্ধোধন নহ'ল চিকিৎসালয়

 06/01/2019 - 15:15

সৰুপথাৰ: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰৰ উৰিয়ামঘাটত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয়খনে উদঙাইছে স্বাস্থ্য বিভাগৰ ফোপোলাস্বৰূপ। নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনি বছৰতকৈ অধিক সময় হ'ল। কিন্তু আজিও স্বাস্থ্য বিভাগে উদ্ধোধনেই নকৰিলে উৰিয়ামঘাটৰ আদৰ্শ চিকিৎসালয়খন। অসম চৰকাৰে ২০১৩ চনতেই প্ৰতিটো বিধানসভা সমষ্টিত একোখনকৈ আদৰ্শ চিকিৎসালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল।

সেইমৰ্মে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত উৰিয়ামঘাটত সীমান্তৰ ৰাইজৰ সুবিধাৰ্থে স্থাপন কৰিছিল উৰিয়ামঘাট আদৰ্শ চিকিৎসালয়। নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনি বছৰতকৈ অধিক হ'ল যদিও আজি পৰ্যন্ত চিকিৎসালয়খনত নিয়োগ নকৰিলে চিকিৎসক-কৰ্মচাৰী। ফলত সাধাৰণ বেমাৰ হ'লেই সীমান্তবাসী বাটকুৰি বাই যাবলগীয়া হয় ৩০ কিমি দূৰত থকা সৰুপথাৰলৈ।

সীমা সমস্যাৰে জৰ্জৰিত সীমান্তবাসীৰ বাবে এই চিকিৎসালয়খনে কঢ়িয়াই আনিছিল আশাৰ ৰেঙনি। কিন্তু চিকিৎসালয়খন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতো ৰাইজৰ সেৱাত উদ্ধোধন নকৰাত স্বাস্থ্য বিভাগৰ চৰম দায়িত্বজ্ঞানহীন কাণ্ডত ক্ষোভিত হৈ পৰিছে সীমান্তবাসী।

ৰাইজে দাবী উত্থাপন কৰিছে যে অতি শীঘ্ৰেই স্বাস্থ্য বিভাগে এই চিকিৎসালয়খন উদ্ধোধন কৰি চিকিৎসক নিয়োজিত কৰিব লাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।