নলবাৰীত টেট প্ৰশিক্ষণ শিবিৰ মুকলি

 09/15/2021 - 17:59
 
 
 
 
নলবাৰীঃ নলবাৰীত প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা। প্ৰজ্ঞা যোজনাৰ অধীনত ১৫ দিনীয়া টেট প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। এই প্ৰশিক্ষণ শিবিৰ নলবাৰী মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হব।
 
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই শৈক্ষিক দিশত পৰিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ আগবঢ়োৱাৰ লগতে মানৱ সম্পদ এখন দেশৰ লগতে জাতীৰ বুনিয়াদ বুলি মন্তব্য আগবঢ়ায়।
 
উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত গীতিমনি ফুকন, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ লগতে নলবাৰী জিলাৰ বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ আৰু ভালেসংখ্যক শিক্ষাবিদৰ লগতে শিক্ষাৰ্থীসকল উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.