কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা

 09/15/2021 - 18:04
 
 
কৰিমগঞ্জঃ কৰিমগঞ্জৰ ভঙ্গা এলাকাত পথ দুৰ্ঘটনা। দ্ৰুতগতিত অহা এখন গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী। আতিকুৰ ৰহমান (30) আৰু জাকিৰ হুছেইনক গুৰুতৰভাৱে আহত অৱস্থাত কৰিমগঞ্জ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে। আহত বাইক আৰোহী আতিকুৰৰ ঘৰ বদৰপুৰ সমষ্টিৰ হাসানপুৰ জিপিত। আৰু জাকিৰৰ ঘৰ বদৰপুৰৰ খাদিমান গাঁৱৰ। বর্তমানে দুইজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীৰ পৰা পলাতক গাড়ী চালক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।