অন্যান্য প্ৰান্তৰ দৰে নগৰবেৰাতো দেখা গৈছে মৃণ্ময় শিল্পীৰ শাৰদীয় ব্যস্ততা

 09/15/2021 - 18:15
 
 
 
 
নগৰবেৰাঃ বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ পূজালৈ এটা দিন বাকী থকা অৱস্থাত নগৰবেৰা পিজুপাৰা-পালপাৰাত নিৰঞ্জন পালে এইবাৰ সৰু-ডাঙৰ মুঠ দুশটা প্ৰতিমা গঢ়ি যথেষ্ট আশাবাদী বিক্ৰীৰ বাবে। স্থানীয়ভাৱে বিক্ৰীৰ সমান্তৰালকৈ মহানগৰীৰ ভিন্ন প্ৰান্তত বেচ সমাদৰ আছে শিল্পী গৰাকীৰ যাদুকৰী হাতেৰে গঢ়া প্ৰতিটো প্ৰতিমাৰ।
 
দুৰ্যোগকালীন জটিলতাৰ মাজতেই মুখ্যমন্ত্ৰীৰ ঘোষণাক লৈ যথেষ্ট উৎফুল্লিত দেখা গ’ল শিল্পী গৰাকীক, ব্যস্ততাৰ মাজতেই কেমেৰাৰ সন্মুখত নিজৰ ব্যৱসায়ক লৈ প্ৰবল আত্মবিশ্বাসীও দেখা গ’ল শিল্পী গৰাকীক।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।