গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ

 09/15/2021 - 18:22
 
গোলাঘাটঃ গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ওৱাটিং গাঁও পঞ্চায়তৰ গুৱালটোপ আৰু কুঁৱৰী পথাৰত আজি নিশা এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই গুৱালটোপৰ প্ৰকাশ তাঁতী আৰু কুঁৱৰীপথাৰৰ সুৰজে চেট্ৰী ঘৰত প্ৰৱেশ কৰি বাসগৃহ লণ্ডভণ্ড কৰে।
 
প্ৰকাশ তাঁতি নামৰ লোকজনক হাতীয়ে মাৰিবলৈ খেদি যায় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে। লগতে বন্যহস্তীটোৱে আজি কেইবাদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছে। তৎস্বতেও বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আনিছে অঞ্চলটোৰ জনসাধাৰণে। তদুপৰি বন বিভাগক হাতী ওলালে জনতাই খবৰ দিয়ে যদিও বিপদৰ সময়ত উপস্থিত নহয় বন বিভাগ বিষয়া-কৰ্মচাৰী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।