মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ আঁৰত থকা মূল খলনায়কক গ্ৰেপ্তাৰৰ বাবে মাজুলী যুৱ কংগ্ৰেছৰ সংবাদ মেল

 09/15/2021 - 18:43
 
 
মাজুলীঃ ৮ চেপ্তেম্বৰ অভিশপ্ত দিনটোত মাজুলী যোৰহাট সংযোগী ফেৰী সেৱাত সংঘটিত হোৱা দুৰ্ঘটনাৰ আঁৰত থকা মূল খলনায়কক গ্ৰেপ্তাৰৰ বাবে মাজুলী যুৱ কংগ্ৰেছে সংবাদ মেল আয়োজন কৰে।
 
মাজুলী যোৰহাট সংযোগী ফেৰী সেৱাত যি ছিণ্ডিকেট চলি আছিল কাৰ নেতৃত্বত এই ফেৰী ছিণ্ডিকেট চলিছিল, কাৰ ব্যক্তিগত লাভালাভৰ বাবে মাজুলী আৰু যোৰহাট সংযোগী মাজত চলা ৰ'ৰ আৰু Ro Pax নামৰ দুখন জাহাজ বন্ধ হৈ আছিল।
 
ছাৰ্ভেৰ ৰিপ'ৰ্ট ভুৱাকৈ দি ৰ' পেক্সৰ চালাচল বন্ধ কৰিছিল,‌ মাজুলীক বিধ্বস্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী ঘনিষ্ঠ মনোজ, ৰমেনে কাৰ আশীষ লাভ কৰি মাজুলী চিণ্ডিকেটৰাজ কৰিছিল।
 
চিণ্ডিকেটৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ মাজুলী চৰকাৰ আৰু প্ৰশাসনক দাবী জনায়। উক্ত সংবাদ মেলত উল্লেখ কৰে যে মাজুলীক নিৰ্বাচনৰ আগত দলং দিম বুলি বাৰে বাৰে প্ৰতাৰণা কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটো ২০ দিন প্ৰতাৰণা দিৱস হিচাপে মাজুলীত যুৱ কংগ্ৰেছে পালন কৰিব।
 
সংবাদমেল সম্বোধন কৰে সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণু কমল পায়েংয়ে, উপস্থিত থাকে জিলা যুৱ কংগেছৰ সভাপতিৰ দেৱকান্ত দাস, জিলা যুৱ বিগ্ৰেডৰ সভাপতি দিনমণি দত্ত, NSUI ৰ সভাপতি লক্ষ্যজিত শইকীয়া, সমষ্টি সামাজিক মাধ্যমৰ সমন্বয়ক ৰাজীৱ গাটাক, যুৱ নেতা প্ৰশান্ত সৰকাৰ।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।